সোণাৰি: পাঁচ দিনে সন্ধানহীন সোণাৰিৰ নেনা ওৰাং নামৰ যুৱকজন, সোণাৰি আৰক্ষীক এজাহাৰ দাখিল পৰিয়ালৰ
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰি নগৰৰ ১ নং ৱাৰ্ডৰ এজন যুৱক সন্ধানহীন। যুৱক জন সন্ধানহীন হোৱা ঘটনাই এতিয়া পৰিয়ালটোক চিন্তিত কৰি তুলিছে। সোণাৰিৰ ১ নং ৱাৰ্ডৰ যুৱকজনৰ যোৱা পাঁচটা দিনে সন্ধানহীন। ঘটনা অনুসৰি যোৱা ১৯ তাৰিখ শনিবাৰে নিশা ঘৰত আহাৰ গ্ৰহন কৰি শুৱা পাতিৰ পৰাই পুৱা সন্ধানহীন হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে প্ৰতিদিনাই যুৱকজনক বিভিন্ন অঞ্চলত বিচাৰ খোচাৰ চলাই আছে যদিও কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। য