বৰক্ষেত্ৰী: নলবাৰীৰ মুকালমুৱাৰ আদাবাৰীত ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা
নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । নিশা বৈদ্যুতিক ছৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নি কাণ্ডৰ ঘটনা হোৱাৰ সন্দেহ । আদাবাৰীৰ সূতাৰকুছিৰ বাঘেশ্বৰী চকৰ সমীপতে থকা বাপকণ কলিতাৰ দোকান খনত বৈদ্যুতিক ছৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় ।স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় যদিও বিভিন্ন ধৰণৰ ষ্টেচনাৰী সামগ্ৰীৰ লগতে নিতৌ প্ৰয়োজনীয় সামগ্ৰীৰ দোকানখন সুম্পূর্ণ ৰূপে জুইত ভস্মীভূত হয় ।