ডিফু: বিধায়ক বিদ্যাছিং ইংলেঙৰ সৈতে মহিলাৰ অশ্লীল ভিডিঅ ' ভাইৰেল সংবাদমেলযোগে গৰিহণা এপিএইছএলচিৰ
সোমবাৰে দিনৰ ১ বাজি ৩০ মিনিটত বিৰোধী আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচিৰ সভাপতি জে আই কাথাৰেও বিষয়টো লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কয়যে, এনেধৰণৰ পৰ্ণ গ্ৰাফী ভিডিঅৰ জৰিয়তে কাৰ্বি সকলৰ বেয়া চৰিত্ৰ অসমৰ লগতে ভাৰতে জানিব এনে কাৰ্যক আমি গৰিহণা দিও ৷ সম্প্ৰতি বিধায়ক গৰাকীৰ এনে পৰ্ণগ্ৰাফী ভিডিঅ'কলৈ একাংশ যুৱকে আপত্তি জনোৱাত সেই কেইজনৰ ওপৰত এজাহাৰ দিয়া হৈছে বুলি কয় কাথাৰে ৷ বিধায়ক বিদ্যাছিং ইংলেঙত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৮ আৰু ৬৯ ৰ আওতাত আনি বিচাৰ কৰিব লাগে বুলিও কয় ৷