সোণাৰি: তিনিদিন ধৰি নিৰুদ্দেশ নামতোলাৰ এগৰাকী যুৱতী,নিশা শোৱা পাতিৰ পৰাই নিৰুদ্দেশ যুৱতী গৰাকী, আৰক্ষীক এজাহাৰ দাখিল পৰিয়ালৰ
চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰ ষ্টাফ লাইনৰ এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নীভা নায়ক নামৰ যুৱতী গৰাকী নিৰুদ্দেশ হোৱাকলৈ আজি সোণাৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে দূৰ্ভগীয়া পৰিয়ালৰ লোকে। ঘটনা অনুসৰি নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত নামতোলা ষ্টাফ লাইনৰ এই যুৱতী গৰাকী বৃহস্পতি বাৰে নিশা পৰিয়ালৰ লোকৰ সৈতে আহাৰ গ্ৰহণ কৰি শুৱা পাতিৰ পৰাই পুৱা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ