চতিয়াৰ শ'লাল গাঁৱৰ বৰখেলৰ নামঘৰত গুৰুজনাৰ ৪৫৭ সংখ্যাক তিৰুভাৱ তিথি উদযাপন অনুষ্ঠান সম্পন্ন, বিধায়কৰ অংশগ্ৰহণ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭সংখ্যক পুণ্য তিৰোভাৱ তিথিত সমগ্ৰ ৰাজ্যতে গুৰুজনাৰ শ্ৰীচৰণত সশ্রদ্ধ প্রণিপাত জনাইছে। অসমৰ সৰ্বস্তৰৰ জনগণৰ অন্তৰে অন্তৰে বিদ্যমান গুৰুজনাৰ প্রতি অসীম ভক্তি।গুৰুজনাৰ মহান আদৰ্শ আৰু বিশাল সৃষ্টিকর্মই সমাজ জীৱনক সদায়েই উদ্বুদ্ধ কৰি যাব। সমান্তৰালকৈ চতিয়াৰ শ'লাল গাঁৱৰ বৰখেলৰ নামঘৰত গুৰুজনাৰ ৪৫৭ সংখ্যাক তিৰুভাৱ তিথি উদযাপন কৰে। এই উপলক্ষে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি সেৱা গ্ৰহণ কৰে।