তেজপুৰ: মেজেংজুলি গাঁৱৰ খেলপথাৰত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৫০ তম্ জন্ম জয়ন্তী উদ্যাপনৰ প্ৰথম কাৰ্যসূচী ৰূপায়ণ
মিছামাৰী আৰক্ষী থানা এলেকাৰ মেজেংজুলি গাঁৱৰ খেলপথাৰত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৫০ তম্ জন্ম জয়ন্তী উদ্যাপনৰ প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিৰ্ছা কামাণ্ড ফৰ্চৰ শোণিতপুৰ জিলা কামাণ্ডাৰ বিকাশ চুৰিন দেৱে ৷ উল্লেখ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সহযোগত সংগঠনটোৰ বৰছলা আঞ্চলিক সমিতিৰ উদ্যোগত অহা ১৪ আৰু ১৫ নবেম্বৰ ২০২৫ তাৰিখে মেজেংজুলিত অনুষ্ঠিত হব বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী ৷