ডিফু: ডিফুত এপিএইছএলচি আৰু কংগ্ৰেছৰ থেবাং, কাকজান আৰু দুৱাৰ আমলাৰ কেইবাগৰাকী নেতাৰ বিজেপিত যোগদান
মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবীৰ বাস ভৱনত কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি আৰু কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতা-কৰ্মীয়ে থেবাং, কাকজান আৰু দুৱাৰ আমলাৰ পৰা বিজেপি দলত যোগদান কৰে ৷ আটাই কেইজনক ইএম ৰিচাৰ্ড টকবীয়ে বিজেপি দললৈ উষ্ম আদৰণি জনায় ৷