চতিয়াৰ চেম্পিয়নচ্ মেকাৰ একাডেমীত এখনি সম্বদ্ধনা সভাৰ সম্পন্ন, বিধায়ক পদ্ম হাজৰীকাৰ অংশগ্ৰহণ
চতিয়াৰ চেম্পিয়নচ্ মেকাৰ একাডেমীৰ এক বৃহৎ সাফল্য। অলিম্পিকত প্ৰচলিত ক্ৰিড়া জুডো আৰু টাইকোৱাণ্ড। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজিত ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগীতাত ১২ টা সোণ, ৬ টা ৰুপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক লাভ কৰি শ্ৰেষ্ঠ দলৰ সন্মান আজুৰি সমগ্ৰ চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আজি চতিয়াৰ চেম্পিয়নচ্ মেকাৰ একাডেমীত এখনি সম্বদ্ধনা সভাৰ আয়োজন কৰা হয়। সভাত ন-দুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা আদি উপস্থিত থাকে।