ধেমাজি: চিলাপথাৰ চোছাইটি এল.পি. স্কুলত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ ভোটদান: সকলোকে ভোট দিবলৈ আহ্বান
শুকুৰবাৰে দিনৰ ১১ বজাত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ দিনা বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে চিলাপথাৰ চোছাইটি এল.পি. স্কুলৰ ১৩৭ নং বুথ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। আজি ভোট প্ৰদান কৰি বিধায়ক গৰাকীয়ে সমষ্টিৰ সকলো ৰাইজক গণতন্ত্ৰৰ সৰ্বোৎকৃষ্ট উৎসৱটিৰ অংশীদাৰ হবলৈ আহ্বান জনাই।