গোলাঘাট: গোলাঘাট নগৰৰ বাটা পইণ্টত ৩১ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান
গোলাঘাট নগৰৰ বাটা পইণ্টত ৩১ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্য মঞ্চৰ উদ্যোগত বুধবাৰে বিয়লি প্ৰায় ৬ বজাৰ পৰা জুবিন গাৰ্গৰ উচিত ন্যায়ৰ দাবীত গণস্বাক্ষৰ অভিযান। শ শ লোকৰ স্বাক্ষৰ। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত গ্ৰহণ কৰা এই কাৰ্যসূচীত শ শ লোকে সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়। ৩১টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ দাবী দূৰ্গাপূজা প্ৰতিবছৰে আহে আকৌ আহিব কিন্তু আমি দৃঢ় আৰু আমাৰ স্থিৰ লক্ষ্য যে কোনো ধামখুমীয়া বা উৎসৱৰ ঢৌয়ে যাতে জুবিন দাৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰাম নিস্তেজ হৈ নপৰে।