সাপেখাতী: বৰুৱানগৰত সমৰকলা প্ৰশিক্ষণ কেন্দ্ৰ শুভ উদ্বোধন, অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় কিক্ বক্সিং সমীৰণ লংপটীয়া
শনিবাৰে আবেলি ৩-৩০বজাত বৰুৱানগৰত সমৰকলা কেন্দ্ৰ আজি শুভাৰম্ভ কৰে।সমৰকলা প্ৰশিক্ষক তথা সাংবাদিক ৰাতুল গগৈ নেতৃত্বত সমৰকলা সন্থাৰ উদ্যোগত প্ৰশিক্ষণ কেন্দ্ৰটো শুভ উদ্বোধন কৰে নাহৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলোৰাম চেতিয়াই।অনুষ্ঠানত ৰাজ্যিক উশ্বু বিচাৰক তৰুণ গগৈ,শিক্ষক মুকুত বৰগোঁহাই, সমাজকৰ্মী তুলসী নেওগ প্ৰমুখ্যে কেইবাজনো ক্ৰীড়া প্ৰেমীয়ে অংশগ্ৰহণ কৰে।