গৰৈমাৰী: গৰৈমাৰীত অগপ ৰ গুৰুত্বপূৰ্ণ সভাত উপস্থিত প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী কমলাকান্ত কলিতা
আজি গৰৈমাৰীস্থিত ২৭ নং ছমৰীয়া সমষ্টিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত, ছমৰীয়া সমষ্টিৰ অন্তৰ্গত প্ৰত্যেক খন আঞ্চলিক সমিতিৰ আৰু ভাতৃ সংগঠনৰ সভাপতি, সম্পাদক আদিকে প্ৰমুখ্যে কৰি সমূহ বিষয়ববীয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ আলোচনা সভাত অংশগ্ৰহন কৰে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী কমলাকান্ত কলিতাই। উক্ত আলোচনাত ১৪ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব লগা অসম গণ পৰিষদৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন সম্পৰ্কে আৰু দলটোৰ সাংগঠনিক দিশ সমূহৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।