গৰৈমাৰী: গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি,স্থানীয় ৰাইজে খেদি খেদি লপাথপা দিয়ে লাট মণ্ডল পদৰ দৈমাৰীক
বৃহস্পতিবাৰে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজে জবাবদিহি কৰে লাট মণ্ডল পদৰ দৈমাৰীক।ৰাইজৰ ৰোষত পৰা লাট মণ্ডল পদৰ দৈমাৰীক উদ্ধাৰ গৰৈমাৰী আৰক্ষীৰ। প্ৰতাৰণামূলকভাৱে লাট মণ্ডলে বুজন পৰিমাণ ধন লোৱা বুলি অভিযোগ। ক্ষোভিত ৰাইজৰ পৰা লাট মণ্ডল পদৰ দৈমাৰীক উদ্ধাৰ কৰিছে গৰৈমাৰী আৰক্ষীয়ে।