তেজপুৰ: শাৰদীয় দুৰ্গা পূজাৰ পবিত্ৰ মহাষ্টমী উপলক্ষে জীয়াগাভৰু পঞ্চায়তৰ দুৰ্গা পূজা মণ্ডপ সমূহত উপস্থিত বিধায়ক গনেশ কুমাৰ লিম্বু
শাৰদীয় দুৰ্গা পূজাৰ পবিত্ৰ মহাষ্টমী উপলক্ষে মংগলবাৰে দিনৰ অনুমানিক ২ বাজি ১৫ মিনিটৰ পৰা শোণিতপুৰ জিলাৰ অন্তৰ্গত জীয়াগাভৰু গাওঁ পঞ্চায়তৰ আটাইকেইখন শ্ৰীশ্ৰী দুৰ্গা পূজা মণ্ডপত উপস্থিত হয় বিধায়ক গনেশ কুমাৰ লিম্বু ৷ বিধায়ক গনেশ কুমাৰ লিম্বুৱে আজি পূজা মণ্ডপ সমূহত উপস্থিত হৈ দেৱীৰ শ্ৰীচৰণত সেৱা কৰি সমষ্টিবাসীৰ মংগল কামনা কৰে ৷ আজি বিধায়ক গনেশ কুমাৰ লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলো উপস্থিত হয় পূজা মণ্ডপ সমূহত ৷