ৰঙিয়া ভাগ: ৰঙিয়াত এটি কিশোৰক লৈ টনা আজোৰা দুটা পৰিয়ালৰ,মাজেৰ আলগাৰ এটা পৰিয়ালে ডেৰ মাহ ধৰি কিশোৰটিক আৱদ্ধ কৰি থোৱাৰ অভিযোগ
মঙলবাৰে ৰঙিয়াত এটি কিশোৰক লৈ টনা আজোৰা দুটা পৰিয়ালৰ। পৰিয়ালৰ অভিযোগ ৰঙিয়াৰ এটি আধাৰ কেন্দ্ৰৰ অপাৰেটৰে টকা লৈ বক্ৰ পথেৰে দৰং জিলাৰ বৰগড়াখুটিৰ নিবাসী চাইফুদ্দিন আৰু মৰ্জিনা বেগমৰ সন্তান চাইফুদ্দিনক ধুবুৰী জিলাৰ মাজেৰ আলগা গাঁৱৰ আব্দুল মোতালিব আৰু মৰ্চিদা খাতুনৰ পুত্ৰ নজৰুল ইছলাম সজোৱাৰ ষড়যন্ত্ৰ। অভিযোগ অনুসৰি ডেৰ মাহে চাইফুদ্দিনক ৰঙিয়াৰ শৌলমাৰীৰ ভাৰাতীয়াৰ ঘৰত আবদ্ধ কৰি ৰাখিছিল ধুবুৰী জিলাৰ মাজেৰ আলগা গাঁৱৰ আব্দুল মোতালিব আৰু মৰ্চিদা খাতুনে।