সোণাৰি: সোণাৰিত উদ্বেগজনক ভাবে বৃদ্ধি পাব ধৰিছে আত্মহননৰ ঘটনা, আত্মহত্যা কৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ আৰক্ষীৰ
চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভলুকাগুৰিত মনোজ বৰা,নামৰ এজন মুকবধি যুৱকে ঘৰৰ ভিতৰতে ডিঙিত ৰচি লগাই আত্মহত্যা কৰে ।আনহাতে মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত খুমটাই চাহ বাগিছাৰ বন্ধন ৰাজপুত নামৰ বিবাহিত ব্যক্তি জনে পৰিয়াল কেন্দ্ৰীক সংঘাতৰ বাবে চৰম পন্থা হাতত লৈ নিজ গৃহতে ডিঙিত ৰচি লগাই আত্মহত্যা কৰে। বৃহস্পতিবাৰে তিনি বজাত দুটা মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।