শদিয়া: ডিৰাক আমগুৰি মায়ামৰা বগৰীতলীয়া নামঘৰভাগ শুভউদ্বোধন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই
অসম দৰ্শন আঁচনিৰ ২০২৩-২৪ বৰ্ষৰ পুঁজিৰ অধীনত নিৰ্মিত ডিৰাক আমগুৰি মায়ামৰা বগৰীতলীয়া নামঘৰভাগ দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ভকত-বৈষ্ণৱসকলৰ উপস্থিতিত শুভউদ্বোধন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই ৷ সৰ্বমুঠ ১৫ লাখ টকা ব্যয়েৰে আটকধুনীয়া ৰূপত এই পুণ্যস্থানভাগ নিৰ্মাণ কৰা হৈছে৷ বিধায়ক গৰাকীয়ে উদ্ধোধনী অনুষ্ঠানত উপস্থিত হোৱাৰ লগে লগে গায়ন বায়নেৰে আদৰি আনে । তাৰ পাছতে ফিটা কাটি শুভ উদ্ধোধন কৰা হয় নাম ঘৰ ভাগ । উক্ত ক্ষণত বিধায়কৰ সতে কেইবগৰাকী দলীয় কাৰ্যকর্তা উপস্থিত থাকে