খুমটাই: শাওতলীত উখল মাখল পৰিৱেশ, গৰঙা চাহ বাগিচাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা গণেশ চতুৰ্থী পূজাৰ গণপতি বিসৰ্জন শ শ ভক্তৰ
শাওতলীত উখল মাখল পৰিৱেশ। শুক্ৰবাৰে বিয়লি প্ৰায় ৫ মান বজাত শাওতলীৰ গৰঙা চাহ বাগিচাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা গণেশ চতুৰ্থী পূজাৰ গণপতি বিসৰ্জন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৰঙা বাগিচাত তিনিদিনীয়াকৈ অনুষ্ঠিত গণেশ চতুৰ্থী পূজাৰ আজি সামৰণী পৰে। পূজাৰ অন্তত আজি অন্তিম দিনা গণপতি বিসৰ্জন সমাপন কৰা হয়। এই বিসৰ্জন কাৰ্যসূচীত গৰঙা চাহ বাগিচাৰ শ শ ভক্তই অংশগ্ৰহণ কৰে। প্ৰতিকূল বতৰকো নেওচি নৃত্য কৰি গণপতি বিসৰ্জন সমাপন কৰে শ শ ভক্তই।