আমগুৰি: নামতি চাৰি আলিত হাৰ্টথ্ৰ' জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
নামতি চাৰি আলিত হাৰ্টথ্ৰ' জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি।অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা স্বৰুপ শিল্পী তথা সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত আছে।নামতি চাৰি আলি সমুহ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সোমবাৰে নিশা প্ৰায় ন বজা পৰ্যন্ত জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদ্গতি কামনাৰে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানতেই দুগৰাকী উদীয়মান কণ্ঠশিল্পী আচিফ ইছলাম আৰু ৰেবজিত ৰাজে জুবিনৰ গীত পৰিবেশন কৰি বেশন