বিশ্বনাথ: আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত বিশ্বনাথত জিলা প্ৰশাসনৰ আহ্বান
ৰাজ্যখনৰ সাম্প্ৰতিক আৱেগ জড়িত পৰিস্থিতি আৰু সমাগত দুৰ্গা পূজা উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি, বিশ্বনাথ জিলাখনত উদ্ভৱ হ'ব পৰা যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ বিশ্বনাথ জিলা প্রশাসনে সকলো ক্ষেত্ৰতে সতৰ্কতামূলক দৃষ্টি ৰখাৰ লগতে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে।সেয়েহে, বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা আগতীয়া কোনো অনুমতি নোলোৱাকৈ জিলাখনত যিকোনো ধৰণৰ শোভাযাত্ৰা, ধৰ্ণা বা তেনে ধৰণৰ কাৰ্যকলাপ সমুহ।