কোকৰাঝাৰ ভাগ: পাটগাওঁৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নৈশ্য যাত্ৰীবাহী বাছৰ ভয়ংকৰ ভাৱে অগ্নিকাণ্ড, কথম্পি ২২ জন যাত্ৰীৰ প্ৰাণ ৰক্ষা
কোকৰাঝাৰ পাটগাওঁৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বাৰ্নিং বাছ। মঙলাবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত ভয়ংকৰ ভাৱে অগ্নিকাণ্ডৰ সন্মূখীন হয় এখন নৈশ্য যাত্ৰীবাসী বাছ। AR 01M0924 নম্বৰ যাত্ৰীবাহী বাছখন শিলিগুৰি পৰা তেজপুৰ অভিমুখে আহি থকা অৱস্থাত যান্ত্ৰিক বিজুতি ঘটি দাও দাওঁ কৈ জ্বলি উঠে। পিছত ঘটনাস্থলিত পাটগাওঁ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সাহসী আৰু তাৎক্ষণিক প্ৰচেষ্টাৰ বাবে সকলো যাত্ৰীক বাছ খনৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।