বিশ্বনাথ: শান্তিপুৰৰ ৫নং ৱাৰ্ডত কৃত্ৰিম বানপানী, বুৰি গৈছে শতাধিক ৰাইজৰ বাসগৃহ #jansamasya
বিশ্বনাথৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডৰ খালপাৰাত নিশা ভাগৰপৰা নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে প্ৰায় ১ শতাধিক বাসগৃহ। বৰষুণৰ পানী ওলাই যোৱাৰ সুবিধা নথকাৰ বাবে সৃষ্টি হৈছে কৃত্ৰিম বানপানী৷ ৰাইজৰ নাজল নাথল অৱস্থা ৷ বিশ্বনাথ চাৰিআলি পৌৰসভাই ড্ৰেইনৰ ব্যৱস্থা ভাল কৰি নিদিয়াৰ বাবেই এই সমস্যা হোৱা বুলি ৰাইজৰ অভিযোগ ৷ ৰাইজে বহুবাৰ ড্ৰেইনৰ ব্যৱস্থা কৰিবলৈ কৈছিল যদিও এই ড্ৰেইন আজিকোপতি নহ’ল৷