পলাশবাৰী: কুকুৰমাৰাত নতুনকৈ চাকৰি লাভ কৰা যুৱক যুৱতীক সম্বৰ্ধনা বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্যতম অনুসূচিত জাতিৰ গাঁও কুকুৰমাৰাত আজি সন্ধিয়া উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া । শেহতীয়াকৈ অসম চৰকাৰৰ পৰা চাকৰি লাভ কৰা কেবাগৰাকীও যুৱক যুৱতীৰ ঘৰত উপস্থিত হয় । সেই সূত্ৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰথমে শিক্ষক ডাকেশ্বৰ দাসৰ কন্যা কৃষ্ণাংগীণি দাস, মহাদেৱ দাসৰ পুত্ৰ মৃদুল দাস, ভাৰত দাসৰ পুত্ৰ পৰশমণি দাসক সম্বৰ্ধনা জনায় ।