বিশ্বনাথ: বৃহৎৰ বালিচাং, চেলাইখাটী অঞ্চলত নেৰানেপেৰা বৰষুণত শ-শ লোক বানৰ কবলত #jansamasya
বিশ্বনাথ বিধানসভা সমষ্টিৰ অসম অৰুণাচল সীমান্তবৰ্তী বৃহৎত্তৰ বালিচাং, চেলাইখাটী অঞ্চলত নিশাৰ ভাগৰে পৰা নেৰানেৰ বৰষুণত বুৰ গৈছে শ-শ বাসগৃহ। বানৰ কবলত পৰি প্ৰতিটো ঘৰৰ ভিতৰত বৰষুণৰ পানী একাঁঠু একাঁঠু পানী ভৰি কাৰোৱাৰ ধানৰ ভৰাল বোৱাই লৈ গৈছে। কাৰোবাৰ ঘৰৰ কাঁহী বাটি পৰ্যন্ত উতোৱাই লৈ যোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী গাঁওৰ ৰাইজে। ইফালে ভুক্তভোগী গাঁওৰ ৰাইজে জিলা প্ৰশাসন তথা চৰকাৰক এই সমস্যা সমাধান কৰিবলৈ আহ্বান কৰে ।