সোণাৰি: বৰহাটত বিএছএনএল টাৱাৰৰ অফিচৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি, বৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল
চৰাইদেউৰ বৰহাটত BSNL টাৱাৰ অফিচৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হোৱাত বুধবাৰে দুই বজাত সোণাৰি BSNL কাৰ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষই বৰহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত তথা বৰহাট ৰেল ষ্টেচনৰ সন্মুখত অৱস্থিত BSNLটাৱাৰ পৰা দোৱাৰ লক ভাঙি লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হয়।