সোণাৰি: সোণাৰিৰ টিয়কত ভয়ংকৰ পথ দুৰ্ঘটনা, মাহিন্দ্ৰী থাৰে গৰুক মহতিয়াই বাগৰিল পথত, দূৰ্ঘটনাত এজন নিহত, দুজন গুৰুত্বৰ ভাৱে আহত
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ অন্তৰ্গত টিয়ক ৰজাবাৰীত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। দূৰ্ঘটনাগ্ৰস্ত ব বাহনখনে পথৰ গৰু মহতিয়াই এখন দোকানগৃহৰ মাজেৰে পাৰ হৈ বাগৰি পৰে। মাজ পথত জাকে জাকে গৰু বহি থকাৰ ফলত এই দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত নাফুকৰ দিব্যজ্যোতি ফুকন থিতাতে নিহত। দিপু বৰগোহাঁই আৰু চিনময় গগৈ নামৰ যুৱক দুজন গুৰুত্বৰ ভাৱে আহত। আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় ৰাইজৰ টতপৰতাত দূৰ্ঘটনা পতিত হোৱা আটা