সাপেখাতী: নাৰেমপথাৰত চোলাই মদৰ বিৰুদ্ধে আৰক্ষী-আবকাৰী তীব্ৰ অভিযান,২৫০লিটাৰ পাচ নষ্ট,কেইবাটাও ভাতি ধ্বংস
বৃস্পতিবাৰে ১২-৩০বজাত বৰহাট আৰক্ষী-আবকাৰী এটা দলে আজি চোলাই মদৰ বিৰুদ্ধে নাৰেমপথাৰত তীব্ৰ অভিযান চলায় । উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চোলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে চোলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি বৰহাট আৰক্ষী থানাৰ আৰক্ষীৰ আৰু আবকাৰী এটা দলে যুটীয়া ভাবে অভিযান চলাই নাৰেমপথাৰত এটা চোলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ২৫০ লিটাৰ চোলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।