সাপেখাতী: বৰহাটত উচ্চস্তৰত চাউণ্ড বক্স বজাই উচ্চ-উচ্চতৰ পৰীক্ষাৰ্থীৰ শৈক্ষিক পৰিবেশ বিনস্ত কৰাত চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া
বুধবাৰে আবেলি ৫বজাত চাওঁতাল ছাত্র সন্থা,বৰহাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজু মাৰ্ডিয়ে বৰহাটৰ বিভিন্ন অঞ্চলত একাংশ লোকে সন্ধিয়া প্ৰতিদিনে উচ্চস্তৰত চাউণ্ড বক্স বজায় উচ্চ-উচ্চতৰ মাধ্যমিক শেষান্ত পৰীক্ষাৰ্থীক অধ্যয়ন কৰা অসুবিধা সৃষ্টি কৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অচিৰেই ব্যৱস্থা লবলৈ স্থানীয় পুলিচ প্ৰশাসনক দাবী জনাইছে।