সাপেখাতী: সাপেখাতীত অঙ্গনবাড়ী কর্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবীত অসহযোগ কাৰ্যসূচী পালন
বৃস্পতিবাৰে আবেলি ১বজাত সাপেখাতী উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত অসহযোগ কাৰযসুচী পালন কৰা হয়।উল্লেখ্য যে অঙ্গনবাড়ী সকলৰ মাননীৰ সলনি মজুৰি দিব নোৱাৰালৈকে ১২ হাজাৰ টকাৰ মাননী আদায় দিয়া, গ্রেছুয়েটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কর্মী-সহায়িকাক এককালীন সাহাৰ্য্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবীত অসহযোগ কাৰ্যসূচী পালন কৰে।