বিশ্বনাথ: নগৰৰ শ্বহীদ ভৱনৰ পৰা পুলিচ পইণ্টলৈকে ৰেলী কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ আছুৰ
অসমৰ পৰা অবৈধ বাংলাদেশী, অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সদৌ বিশ্বনাথ জিলা ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচীৰূপায়ণ। সদৌ বিশ্বনাথ জিলা ছাত্র সন্থা উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰক। অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰক। ভাৰত বাংলা সীমান্ত ছীল কৰক আৰু সীমান্তত দেখিলেই গুলিওৱাৰ নিৰ্দেশ দিয়ক । ইত্যাদি দাবীৰে বিশ্বনাথ নগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।