গুৱাহাটী: জুবিন নটিয়ালৰ লাইভ কনচাৰ্ট অনুষ্ঠানৰ নামত শ্ৰমিকক প্ৰৱঞ্চনাৰ বিৰুদ্ধে দিছপুৰ প্ৰেছক্লাৱত সংবাদমেল শ্ৰমিকৰ
শুক্ৰবাৰে দিনৰ ২.৩০ বজাত দিছপুৰ প্ৰেছক্লাৱত সংবাদমেল আয়োজন কৰি বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালৰ লাইভ কনচাৰ্ট অনুষ্ঠানত শ্ৰমিক হিচাপে কাম কৰা একাংশ শ্ৰমিকক প্ৰৱঞ্চনাৰ অভিযোগ শ্ৰমিকসকলৰ ৷ ছা ৰে গা মা পাৰ আৰ্টছ অৱ মিউজিকৰ লগতে আয়োজক মৌচুমী বৰাৰ বিৰুদ্ধে অভিযোগ শ্ৰমিকসকলৰ ৷ শ্ৰমিকসকলক প্ৰৱঞ্চনা কৰাৰ লগতে ভয় ভাবুকি প্ৰদান কৰা সন্দৰ্ভত সংবাদমেলত মন্তব্য প্ৰকাশ কৰে শ্ৰমিকসকলে ৷