গুৱাহাটী: গুৱাহাটী বিশ্ববিদ্যালয়ত নৰ্থ-ইষ্ট ইণ্ডিয়া এডুকেশন চ'ছাইটিৰ ২৮সংখ্যক বাৰ্ষিক সন্মিলন, নতুন শিক্ষানীতিক আলোচনা সন্মিলনত
গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে নৰ্থ-ইষ্ট ইণ্ডিয়া এডুকেশন চ'ছাইটিৰ ২৮সংখ্যক বাৰ্ষিক সন্মিলন। এই ন্মিলনৰ মূল কাৰ্যসূচী হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিশদভাৱে আলোচনা কৰা। দেশত NEP 2020 কাৰ্যকৰী হোৱাৰ পিছত ইয়াৰ ৰূপৰেখা প্ৰস্তুতৰ উদ্দেশ্যৰে আলোচনা কৰা হ'ব। এই সন্মিলনত উপস্থিত আছে GUৰ উপাচার্য প্ৰতাপজ্যোতি সন্দিকৈ, দিল্লী বিশ্ববিদ্যালয় আৰু নেহুৰ অধ্যাপক। লগতে দেশৰ ভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানৰ শিক্ষক প্ৰতিনিধিয়েও অংশগ্রহণ কৰে।