গুৱাহাটী: গুৱাহাটীত সুৰা সেৱন কৰি বাহন চলাই ত্ৰাসৰ সৃষ্টি চালকৰ, ডিভাইডাৰত খুন্দা মাৰি নলাৰ ওপৰত ওফৰি পৰিল বাহন,আটক চালকজনক
বুধবাৰে গুৱাহাটীত চৰকাৰী বাহনৰ চালকৰ অতপালি। সুৰা সেৱন কৰি বাহন চলাই ত্ৰাসৰ সৃষ্টি চালকৰ। ফলত কাহিলীপাৰা টিভি টাৱাৰ মৃত্যুঞ্জয় মন্দিৰৰ সমীপত দূৰ্ঘটনাত পতিত চৰকাৰী চুইফট ডিজায়াৰ বাহন। বাহনখন সৰ্বশিক্ষা মিচন সঞ্চালক কাৰ্যালয়ৰ। চালকজনে সুৰা সেৱন কৰি দ্ৰুত বেগত চলাইছিল বাহনখন। মহতিয়াই নিলে ডিভাইডাৰ। ডিভাইডাৰত খুন্দা মাৰি নলাৰ ওপৰত ওফৰি পৰিল বাহনখন। আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় সুৰামত্ত চালকজনক। যানবাহন আৰক্ষীয়ে বাহনখন উদ্ধাৰৰ বাবে চলাই আছে প্ৰচেষ্টা ।