ঢেকিয়াজুলি ভাগ: অৰুণোদয় আচঁনিৰ ৩.০ সন্দৰ্ভত মংগলবাৰে ওপৰ পানবাৰী গাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়
অৰুণোদয় আচঁনিৰ ৩.০ সন্দৰ্ভত মংগলবাৰে পুৱা ১০ বাজি ৩০ মিনিটত ওপৰ পানবাৰী গাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ’য় ৷ উল্লেখ্য যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই অৰুণোদয় আচঁনিৰ ৩.০ ৰ উদ্বোধন কৰাৰ পিছতে ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ওপৰ পানবাৰী গাঁৱত অৰুণোদয় আচঁনিৰ ৩.০ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত অঞ্চলটোৰ আইমাতৃ সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷