সোণাৰি: বলো কোঁৱৰ সোঁৱৰণী খেলপথাৰত টাইপা জিলা মহিলা অভিবৰ্তনৰ লাই খুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) ৰ উদ্যোগত আৰু চাৰাইদেউ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হ’ব চাৰাইদেউ জিলা মহিলা অভিবৰ্তন। এই মহিলা অভিবৰ্তনৰ আজি লাই খুটা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।১১ আৰু ১২ অক্টোবৰ, ২০২৫ (শনিবাৰ আৰু দেওবাৰ) দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বলো কোঁৱৰ সোঁৱৰণী খেলপথাৰ, লুখুৰাখনত অনুষ্ঠিত হ'ব এই মহিলা অভিবৰ্তনৰ। ঐতিহ্য, সংস্কৃতি আৰু মহিলা সংগঠনক শক্তিশালী কৰি সংগ্ৰামৰ অংশীদাৰ হোৱাৰ এক বাট মুকলি হ'ব এই অনুষ্ঠানত।