বিশ্বনাথ: অসম চাহ কৰ্মচাৰী সংঘ নদুৱাৰ শাখা কাৰ্যালয়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
বিশ্বনাথ চাৰিআলিত অসম চাহ কৰ্মচাৰী সংঘ নদুৱাৰ শাখা কাৰ্যলয়ত অসম চাহ কৰ্মচাৰী সংঘ নদুৱাৰ শাখা উদ্যোগত আজি সন্ধ্যা সময়ত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত তেখেতক স্মৰণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। এই অনুষ্ঠানত প্ৰথমে সংঘৰ সভাপতি উত্তম শইকীয়া বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে। আৰু উপ সভাপতি প্ৰনৱ সন্দিকৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্প অৰ্পণ কৰি পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই।