চতিয়াৰ পলশনিত বিদুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু
চতিয়া আৰক্ষী থানা অন্তৰ্গত পলশনিত বিদুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু,মৃত্যু হোৱা যুৱকজনৰ নাম ছামাচুল ইছলাম(৩৮)পানী উত্তোলন কৰা মৰ্টাৰত বিদৃৎস্পৃষ্ট হৈ গুৰুতৰভাবে আহত হৈছিল যুৱকজন।ততাতৈয়াকৈ পৰিয়ালৰ লোকে যুৱকজনক বিশ্বনাথ জিলা চিকিৎসালয়ত আনে যদিও চিকিৎকে ইতিমধ্যে যুৱকজনক মৃত ঘোষণা কৰে চিকিৎসকে। মৃত চামচুল ইছলামৰ পত্নী স্বামীক ৰক্ষা কৰিবলৈ যাওঁতে গুৰুত্বৰ ভাব আঘাত প্ৰাপ্ত হৈ বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে।