উত্তৰ লক্ষীমপুৰ: নগৰত কা বাতি দাবীত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ
অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰক। অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰক। ভাৰত - বাংলা সীমান্ত ছীল কৰক, সীমান্তত দেখিলেই গুলিওৱাৰ নির্দেশ দিয়ক। 'কা'ৰ আওঁতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখক। অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰক। অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) নির্দেশনা ২০২৫ৰ আওঁতাৰ পৰা অসমক বাহিৰত ৰাখক। আদি দাবীত মঙ্গলবাৰে উত্তৰ লখিমপুৰ নগৰত লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসূচী ।