বাঢ়নি পানীয়ে ভাঙিলে চতিয়া কুৰুৱাআটি সংযোগী কাথৰ দলং, ৰাইজৰ প্ৰতিক্ৰিয়া
ভদিয়া বানে চতিয়াৰ বকৰাপট্ৰা আৰু কুৰুৱাআটি সংযোগী কাথৰ দলং আজি আবেলি ওটোৱাই নিয়ে। এই দলংখনেই আছিল কুৰুআটি আৰু বকৰাপট্ৰাৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ ভৰষা। এতিয়া এই অঞ্চলৰ ৰাইজৰ বাহন হৈ পৰিব নাও বা কলৰভুৰ। আজিৰ পৰা যিমান দিনে এই দলংখন নিৰ্মাণ হৈ নাযায় তেতিয়া পৰ্যন্ত কিন্তু সহস্ৰাধিক লোকৰ অহাযোৱাৰ অসুবিধাৰ সন্মুখীন হব লগা হব । এই ক্ষেত্ৰত স্থানীয় ৰাইজে অতি শীঘ্ৰে দলং নিৰ্মাণৰ দাব কৰে।