বিশ্বনাথ: বিহালী বটিয়ামাৰীত যুৱক ব্ৰহ্মপুত্ৰ নদীত পৰি সলিল সমাধি, মৃহদেহ উদ্ধাৰ বিহালী আৰক্ষীৰ
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বটিয়ামাৰী গাঁৱৰ চুক্লু টেলেঙাৰ পুত্ৰ বাবুল টেলেঙা শিৱ মন্দিৰ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীৰ পানীত পৰি সলিল সমাধি ঘটে।জানিব পৰা মতে আজি আবেলি সময়ত নাওলৈ মাছ মাৰিবলৈ যোৱা ২০বছৰীয়া বাবুল টেলেঙা নদীত পৰি যায় ।ইয়াৰ পিছত বহু সময় ধৰি টেলেঙাৰ মৃতদেহ পোৱা নাছিল,শেষত যি ঠাইত পৰিছিল সেই ঠাইতেই পলসত মূৰ সোমাই থকাৰ অবস্থাত মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছত ঘটনাৰ স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।