সোণাৰি: বৰহাটত গাওঁৰক্ষী বাহিনীৰ উদ্যোগত বৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেকিবুদ্দিন আহমেদক আদৰণি
বৰহাটত বৰহাট আৰক্ষী থানাত শুক্ৰবাৰে চাৰি বজাত বৰহাট গাওঁৰক্ষী বাহিনীয়ে বৰহাট আৰক্ষী থানালৈ নতুনকৈ অহা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেকিবুদ্দিন আহমেদক বৰহাট গাওঁৰক্ষী বাহিনীৰ কাৰ্যালয়ত আনুষ্ঠানিক ভাবে উষ্ম আদৰণি জনায়।অনুষ্ঠানত বৰহাট থানা সমিতিৰ সভাপতি প্ৰমোদ গগৈ, সম্পাদক কাৰ্তিক বাঢ়ৈ,অৰুণ সিং,ভদ্ৰ গগৈ প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।