ডিফু: ডিফুত বিধায়ক বিদ্যাছিং ইংলেঙৰ এগৰাকী মহিলাৰ সৈতে অশ্লীল ভিডিঅ ভাইৰেলকলৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
সোমবাৰে দিনৰ ১ মান বজাত ডিফুত বিজেপি বিধায়ক বিদ্যাছিং ইংলেঙৰ এটা অশ্লীল ভিডিঅ' ভাইৰেল হোৱাক লৈ উত্তাল হৈছে পাহাৰৰ ৰাজনৈতিক পৰিৱেশ। এনেধৰণৰ অশ্লীল অসামাজিক কাৰ্যকলাপত জড়িত ব্যক্তি বিধায়ক হৈ থকাৰ যোগ্যতা হেৰুৱাই পেলাইছে বুলি মন্তব্য কৰি বিধায়ক ইংলেঙৰ পদত্যাগ দাবী কৰে কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছে। আজি ডিফুত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি মহিলা কংগ্ৰেছে বিদ্যাছিং ইংলেং আৰু বিজেপি বিৰোধী ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।