গুৱাহাটী: খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান, অভিযানত ৫৫ টা ড্ৰাগছ কন্টেইনাৰসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
গুৱাহাটীৰ খানাপাৰাত STFএ এক ড্ৰাগছ বিৰোধী অভিযান চলাই। খানাপাৰা উৰণ সেঁতুৰ সমীপত চলা এই অভিযানত জব্দ কৰা হয় ৫৫ টা হে'ৰইন ভৰ্তি কণ্টেইনাৰৰ লগতে ৭ টা নিচাযুক্ত নাইট্রাজেপাম টেবলেট। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী চানিদুল আলী, শুকুৰ আলী আৰু সুনিতা বসুমতাৰী ওৰফে এঞ্জেল। দীৰ্ঘদিন ধৰি খানাপাৰা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে।