বিশ্বনাথ: বিহালীত ইটা ভাটা সমূহত অবৈধ ভাবে দখল কৰা মাটিক লৈ সৰৱ আদিবাসী ছাত্ৰ সন্থাৰ(আছা)ৰ তীব্ৰ প্ৰতিক্ৰিয়া
বিহালীত বিভিন্ন সময়ত একাংশ ইটা ভাটা মালিকে আদিবাসী ৰাইজৰ মাটি দখল কৰি ইটা প্ৰস্তুত কৰাৰ লগতে পুখুৰী সদৃশ গাঁত খান্দি সহজ সৰল লোকৰ মাটি দখল কৰি নষ্ট কৰি আহিছে। যাৰ বাবে লোকসকৰে নিজৰ মাটি বিচাৰোতে ভয় ভাবুকি দিয়াৰ লগতে আন ঠাইত মাটি দিয়া প্ৰলোভন দিয়ে । আজি আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা আৰু বিহালী আঞ্চলিক সমিতি (আছা ) আৰু স্থানীয় ৰাইজৰ মাজত ভূমি সংৰক্ষণ সমিতি গঠন কৰি কেইবাগৰাকীও লোকৰ মাটি খুটা পুটি লোকক সকলক মাটি দখল দিয়ে।