তেজপুৰ: শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত কাৱৈমাৰিত পথ অৱৰোধ কৰি প্ৰতিবাদ
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ দাবীত দেওবাৰে সন্ধিয়া অনুমানিক ৬ বাজি ৩০ মিনিটত কাৱৈমাৰিত পথ অৱৰোধ কৰি ক্ষোভিত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷উল্লেখ্য যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্বহীনতাৰ বাবেই জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে ৷ আনকি দুয়োৰে বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ সেয়েহে দুয়োকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবীত আজি কাৱৈমাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷