ঢেকিয়াজুলি ভাগ: ডুমডুমা সমবায় সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগনত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়
মংগলবাৰে দিনৰ ১২ বজাত ডুমডুমা সমবায় সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগনত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় ৷ সমবায় সমিতিৰ উক্ত বাৰ্ষিক সাধাৰণ সভাত উপস্থিত থাকি গ্ৰাহক ৰাইজক উদ্দেশ্যি গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ আগবঢ়ায় শোণিতপুৰ জিলাৰ বিভাগীয় বিষয়াই ৷ উল্লেখ্য শোণিতপুৰ জিলাৰ অন্তৰ্গত ডুমডুমা সমবায় সমিতিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে ৷