উত্তৰ গুৱাহাটী ভাগ: কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত চাংসাৰিত অনুষ্ঠিত বৃহৎ ৰক্তদান শিবিৰ,উপস্থিত জিলা আয়ুক্ত,ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা
বুধবাৰে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি চাংসাৰিত অনুষ্ঠিত হয় এক বৃহৎ ৰক্তদান শিবিৰ। স্বাস্থ্যবান নাৰী সৱল পৰিয়াল কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনে অনুষ্ঠিত কৰে এই ৰক্তদান শিবিৰ । চাংসাৰিস্থিত শৰাইঘাট মহাবিদ্যালয়ত বৃহৎ ৰক্তদান শিবিৰটো অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰথমে ৰক্তদান কৰি শিবিৰটো শুভাৰম্ভ কৰে।