ধেমাজি: কেৰেকনি মাজগাঁৱত সতী সাধনী স্মৃতি দিৱস আৰু দ্বাদশ বাৰ্ষিক বহাগী উৎসৱ উদযাপন, বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গৰ অংশগ্ৰহণ
কেৰেকনি মাজগাঁৱত সতী সাধনী স্মৃতি দিৱস আৰু দ্বাদশ বাৰ্ষিক বহাগী উৎসৱৰ মুকলি সভা অনুষ্ঠিত। মুকলি সভাত উদ্বোধনী ভাষণ দিয়ে শিক্ষক ৰজনী ফুকনে, নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে বৰদলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জ্যোৎস্না বৰগোহাঁইয়ে। আজিৰ কাৰ্যসূচীত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জল কুমাৰ চুতীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি ৰুদ্ৰ ভূঞাই।