বৰছলা বিধানসভা সমষ্টিৰ ডুমডুমা আদৰ্শ মহাবিদ্যালয়ত দেওবাৰে দিনৰ অনুমানিক ১ বজাত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰনুজ পেগু । উল্লেখ্য যে ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ শৈশীক আৰু অৰ্থনৈতিক দিশৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিটো সুবিধা অসুবিধাৰ সম্পৰ্কে নিৰীক্ষণ কৰিবলৈ আজি উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰনুজ পেগু ৷ শিক্ষা মন্ত্ৰী ৰনুজ পেগুৰ লগতে আজি মহাবিদ্যালয়খনত উপস্থিত থাকে ঢেকীয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল ৷