সৰুপথাৰ: সৰুপথাৰত বিধায়ক বিশ্বজিত ফুকনৰ উপস্থিতিত বিশেষ কাৰ্যসূচী, ৮৭৪ জন বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকক হুইলচেয়াৰ প্ৰদান
সৰুপথাৰত বিধায়ক বিশ্বজিত ফুকনৰ উপস্থিতিত বুধবাৰে বিয়লি প্ৰায় ৪ মান বজাত অনুষ্ঠিত হৈ যায় এক বিশেষ কাৰ্যসূচী। ৮৭৪ জন বিশেষ ভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকক হুইলচেয়াৰ প্ৰদান। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিশেষ ভাৱে সক্ষম আৰু জেষ্ঠ নাগৰিকৰ মাজত হুইলচেয়াৰ বিতৰণ কৰে বিধায়ক বিশ্বজিৎ ফুকনে। জিলাখনত সৰ্বমুঠ ৪৫৩৫ জনকৈ লোকক RVY আঁচনি আৰু ADIP আঁচনিৰ অন্তৰ্ভুক্ত বিশেষ ভাৱে সক্ষম লোক সকলক হুইল চেয়াৰ বিতৰণ কৰে।